Parichay is dedicated to providing legal aid to those who are at the risk of statelessness in Assam. 


 
 

Parichay (পৰিচয়, meaning ‘identity’) is a collaborative effort between law schools in India to provide legal aid to those filing appeals against their exclusion from the National Register of Citizens (NRC) in Assam. The final list of the NRC, released on August 31, 2019, has been the largest citizenship determination exercise in the world, aimed at creating a definitive list of citizens for the state of Assam. The 19,06,657 persons excluded from this list have 120 days to file appeals before the Foreigners’ Tribunals. The procedural and substantive aspects of the appeals require thorough consideration and this collaborative legal aid network aims to contribute to that process. 

Competent and adequate legal representation during this process is particularly crucial because of the severe implications. Not only may appellants lose their citizenship, but they may also be incarcerated in detention centres. At this moment, it is crucial that law schools play their part in ensuring that the NRC appeals are carried out in a fair and transparent manner. In a process like this, constitutional guarantees of access to justice for the poor and the marginalised are extremely difficult to ensure and law schools must respond to this extraordinary challenge. Law schools are uniquely placed to help fulfil this constitutional mandate by ensuring that lawyers representing indigent persons excluded from the NRC are provided necessary assistance to prepare effective appeals.

This collaborative legal aid effort will train and facilitate law students to assist lawyers at the Foreigners’ Tribunals in representing NRC-excluded persons in the appeals process. The clinic will be based in Assam and work in coordination with law schools across the country. Parichay will also provide an invaluable pedagogical component, by exposing law students to practical aspects of litigation in one of the most important contemporary legal processes in the country.

The loss of citizenship erases the identity of an individual in the eyes of the state, and statelessness strips one of the right to have rights, including the fundamental rights enshrined in the Constitution of India. Legal aid is the last line of defence against this crisis, and Parichay (পৰিচয়) strives to ensure that no one is rendered stateless for want of effective legal representation.

অসমত এন আৰ ছিৰ দ্বাৰা অবৈধ ঘোষিত লোকসকলক আইনী সাহায্য প্ৰদান কৰিবৰ বাবে “পৰিচয়” নামৰ এই সংস্থাটি গঢ়ি তোলা হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন আইন শিক্ষানুষ্ঠানৰ ই এক সমূহীয়া প্ৰচেষ্টা। যোৱা ৩১ আগষ্ট, ২০১৯ত প্ৰকাশ হোৱা এন আৰ ছি তালিকাখনৰ জৰিয়তে শেষ হোৱা প্ৰক্ৰিয়াটো সমগ্ৰ বিশ্বতেই বিশাল আৰু ব্যাপক ৰূপৰ এক অনুশীলন। নাগৰিকৰ এক সুনিৰ্দিষ্ট গণনাৰ বাবেই ইয়াক অসমত কৰা হৈছে। নাগৰিক পঞ্জীত স্থান নোপোৱা ১৯,০৬,৬৫৭ জন লোকে ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধিকৰণত আবেদন কৰিব লাগিব। এই আবেদনসমূহৰ প্ৰক্ৰিয়াগত আৰু বিষয়গত দিশ সমুহত ব্যাপক আইনী অভিজ্ঞতাৰ প্ৰয়োজন হ’ব। এই প্ৰক্ৰিয়াটোত অৰিহণা যোগাবলৈয়ে আমাৰ এই অনুষ্ঠানটি গঠন কৰা হৈছে।

প্ৰক্ৰিয়াটোৰ ব্যাপকতম পৰিণতিৰ বাবে প্ৰয়োজনীয় আৰু সুষম আইনী সাহায্যৰ প্ৰয়োজন আছে। আবেদনকাৰীসকলে কেৱল নাগৰিত্বই নেহৰুৱায়, বৰং প্ৰক্ৰিয়াটোৱে তেওঁলোকক ডিটেইশ্যন কেম্পত জীৱন নিয়াবলৈয়ো বাধ্য কৰিব পাৰে। এই মূহুৰ্তত ভাৰতবৰ্ষৰ বিভিন্ন আইন শিক্ষাৰ অনুষ্ঠান সমুহে কিছু দায়িত্ব পালন কৰা উচিত, যাতে এই আপিল প্ৰক্ৰিয়াটো ন্যায়সন্মত আৰু transparent ৰূপত পৰিচালিত হয়। এইধৰণৰ প্ৰক্ৰিয়া এটাত দুখীয়া-নিছলা আৰু প্ৰান্তীয় সম্প্ৰদায়সমূহে সাংবিধানিক ন্যায় নীতিগতভাৱে লাভ কৰাটো অত্যন্ত জটিল আৰু সেয়ে আইন শিক্ষাৰ অনুষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত। আইন শিক্ষাৰ অনুষ্ঠানসমূহৰ এই দায়িত্ব পালন কৰিব পৰাকৈ প্ৰয়োজনীয় কাঠামো আছে। তেওঁলোকে যিসকল অধিবক্তাই আপিল কৰিব, তেওলোকক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিব যাতে নিকপকপীয়া আবেদন দিয়া আদিৰ জৰিয়তে তেওঁলোকে সাংবিধানিক দায়িত্ব পালন কৰি দুখীয়া-নিছলাৰ পক্ষত থিয় হ’ব পাৰে।

সমুহীয়া উদ্যোগত স্থাপন হোৱা এই অনুষ্ঠানটোৱে আইনৰ ছাত্ৰসকলক প্ৰশিক্ষিত কৰি তুলিব যাতে তেওঁলোকে বিদেশী ন্যায়াধিকৰণৰ অধিবক্তাসকলক এনআৰছিঅত নাম নথকা লোকসকলৰ আপিল প্ৰক্ৰিয়াটোত সহায় কৰিব পাৰে। এই অনুষ্ঠানটোৰ সাহায্য কোষটো অসমত স্থাপিত হ’ব আৰু এই কোষটোৱে কাম কৰিব ভাৰতবৰ্ষৰ বিভিন্ন আইন শিক্ষাৰ অনুষ্ঠানসমূহৰ সক্ৰিয় সহযোগিতা আৰু সমন্বয়ৰ মাজেৰে। ভাৰতবৰ্ষৰ আটাইতকৈ সাম্প্ৰতিক আইনী প্ৰক্ৰিয়া এটাৰ অভিজ্ঞতাৰ মাজৰে “পৰিচয়ে” আইনৰ ছাত্ৰ সকলক pedagogy ধৰনৰ প্ৰশিক্ষণো প্ৰদান কৰিব। নাগৰিকত্ব নথকা ব্যক্তি এজনৰ সমস্ত পৰিচয়েই ৰাষ্ট্ৰৰ সন্মুখত নাইকিয়া হৈ পৰে আৰু এনেধৰণৰ ৰাষ্ট্ৰবিহীন মানুহৰ অধিকাৰ থকাৰে অধিকাৰ নাইকিয়া হৈ যায়। আনকি সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰসমূহেই এজন ব্যক্তিৰ লোপ পায়। এই ক্ষেত্ৰত আইনী সাহায্যই শেষ আশ্ৰয় আৰু “পৰিচয়ে” এইটো সুনিশ্চিত কৰিব বিচাৰে যে কোনো লোকেই যেন দৰকাৰী আৰু গুৰুত্বপূৰ্ণ আইনী সাহায্য নোপোৱাৰ বাবে নাগৰিকত্ব হেৰুৱাই পেলাব লগা নহয়।